Skip to main content




নিৰুদ্দেশ সেন্দুৰ!

সোনোৱালী দীঘল একোচা চুলি। গাৰ ৰং সেন্দুৰ বৰনীয়া। দুহাতত নৱবিৱাহিতাৰ চিহ্ন ছুড়া(পাঞ্জাৱী সম্প্ৰদায়ৰ ৱিবাহ প্ৰতীক)। কিন্তু ম্লান পৰি যোৱা দুচকুত শূণ্য চাৱনি। ছোৱালীজনীৰ নাম নাজানিচিলো। কিন্তু তাইৰ ৰূপে মোক আৰ্কষিত কৰিছিল। সন্ধীয়া যেতিয়া তাই  অফিচৰ পৰা ওভতিছিল, মই প্ৰায়েই তাইক চাবলৈ নামি গৈছিলো আমাৰ হোষ্টেলৰ বাগিচাখনলৈ। তাইক চকুৰ পলক নেপেলোৱাকৈয়ে লক্ষ্য কৰিছিলো। হোষ্টেলৰ গেটৰ ভিতৰত তাই কালৈকো নাচাইছিল।
মোৰ দিল্লীৰ ৱৰ্কিং ৱ'মেন হোষ্টেলৰ আন এক অভিগ্যতা! প্ৰথম প্ৰথম ছোৱালীজনীক দেখি মই এক আৰ্কষন অনুভৱ কৰিছিলো। পাছলৈ মোৰ কৌতুহল হৈছিল তাইৰ বিষয়ে জানিবলৈ। আমাৰ হোষ্টেলটোত আছিল দুই শতাধিক কৰ্মৰতা মহিলা। গতিকে হোষ্টেলৰ সকলোকে চিনি পোৱাটো অসম্ভৱ আছিল। মোৰ তিনি বছৰীয়া হোষ্টেলত থকা সময়চোৱাত মই বহুতকে কেৱল চকুৰেহে চিনি পাইছিলো । নাম ধাম একোকে নাজানিছিলো।
মোৰ ৰুম আছিল প্ৰথম মহলাত। খা-খৱৰ লৈ জানিলো সোনবৰনীয়া ছোৱালীজনী নতুনকৈ আহিছে তৃতীয় মহলালৈ। মই এগৰাকী চিনাকিক সুধিলো তৃতীয় মহলাত তাইৰ কোনোবা চিনাকি আছে নেকি? তাই ক'লে "আছে এজনী" মই সুধিলো এজনী ধুনিয়া পাঞ্জাৱী সদ্যবিৱাহিতা আহিছে। তইৰ কোনোবা ৰুম মেটক জানা নেকি?" মোৰ চিনাকি বান্ধৱীয়ে খা-খৱৰ লৈ মোক তাইৰ বিষয়ে যি কাহিনী শুনালে, শুনি মই শিল পৰা কপৌজনী হৈ পৰিলো!!!
সোনবৰনীয়া ছোৱালীজনী পাঞ্জাৱৰ পৰা আহিছে। দুমাহমান আগতে তাইৰ বিয়া হৈছিল কানাডাত থকা এন আৰ আই এজনলৈ। পিছে বিয়াৰ দুসপ্তাহমান পাছত স্বামী(?) কানাডালৈ গৈ অন্তৰ্ধান হ'ল। তাইৰ পৰিয়ালৰ লোকে এম্বেচিলৈ গৈ বহুত বিচাৰ খোচাৰ কৰি আছে। এতিয়াও খৱৰ খাতি নাই পোৱা। তাই সেইয়ে দিল্লীতে চাকৰি এটাৰ যোগাৰ কৰি হোষ্টেলত থাকিবলৈ লৈছে। মাজে মাজে তাই এম্বেচিলৈ যায় কিবা খৱৰ কিজানিবা পায়েই; তাৰেই আশাত!!!
আনদিনাৰ দৰে সেইদিনাও মই তাইক চলো। চালো তাইৰ গলাৰ মঙ্গলসুত্ৰদাললৈ; তাইৰ হাতৰ ধুনীয়া ছুড়াখিনিলৈ; তাইৰ ম্লানপৰা দচকুৰ শূণ্য চাৱনীলৈ..... এক শিহৰণ জাগিল মোৰ দেহা মনত। কাৰ বাবে সোনোৱালী কন্যাৰ এই শৃংগাৰ??? তাই বাৰু সন্ধান পাবনে কেতিয়াবা নিৰুদ্দেশ হোৱা সেন্দুৰৰ????


Comments

Popular posts from this blog

Mekurikai - an unsung hero!

Teok , a small town in Jorhat District of Assam. Around 30 years back, it was in process to be a township. It is my parents' home place, where I was born. As my parental villages were in Teok, we usually visited this place on every vacation. Growing up in a concrete city, I found this place peaceful and naturally rich. We travelled by bus to visit my birthplace. The Teok State Transport bus stand was very small that time. State Transport buses stopped here for few minutes only. Here I saw Mekurikai for the first time. I can still visualise his picture in my mind! Mekurikai , the unsung artist! He used to wore a half pant and a shirt, hanging wooden box around his neck. He sang TOKARIGEET  (type of sufi song in Assamese Folk) and collected money from his listeners. Every morning he used to come to Teok State Transport Bus Stand. Whole day he got into the buses while they stopped, sang his TOKARIGEET  in his mild and beautiful voice with feelings, collected ...

STOP VIOLENCE AGAINST WOMEN!

Stop!!! Violence against women is a worldwide problem that affects women of all ages, ethnicities, races, nationalities and socio-economic backgrounds. Some forms of violence are gender-based and impact women more disproportionately, such as domestic violence, sexual assault, sexual harassment, human trafficking, child abusement and acid attack. Beside these, Indian society is facing two more major violences against women Girl child foeticide and dowry demands.  It is very shameful to say that this society is not safe for females even in this 21st century. Somewhere, little young girls are molested by some sick minded people; somewhere 80 years old lady has to be treated very badly; somewhere if a girl wants to protest against eve teasing she has to be a victim of acid attack. It is seen that some people being upset on the birth of a girl child in thei5r family and the same people look for little young girls to worship on the days of NAVRATRAs. Girl child foeticide, ...

My Motherhood!

Still I can feel the moment when first time I heard your heart bit, my dear little one! I was thrilled, but felt very happy that I was  going to be a part of those fortunate women, who can create a life! Slowly and steadily I was attached with you. In every moment I was talking to you, to welcome you in my and mine hubby's life! Then the most awaited day came.... I could hear your voice,  see you and  touch you sweet heart! It was Sep 22nd 2005, you made your debute on this earth's platform and became a part of our life. Your dad was so worried about you. He was on walker, couldn't  walk properly. Even though he went to temple to pray for you, my child. Then the moment came -  you felt secured in mine warm arms. You were attached to me  before coming on this earth! I can still feel those unforgetable moments -  when first you looked at me, hold my...