নিৰুদ্দেশ সেন্দুৰ!
সোনোৱালী দীঘল একোচা চুলি। গাৰ ৰং সেন্দুৰ বৰনীয়া। দুহাতত নৱবিৱাহিতাৰ চিহ্ন ছুড়া(পাঞ্জাৱী সম্প্ৰদায়ৰ ৱিবাহ প্ৰতীক)। কিন্তু ম্লান পৰি যোৱা দুচকুত শূণ্য চাৱনি। ছোৱালীজনীৰ নাম নাজানিচিলো। কিন্তু তাইৰ ৰূপে মোক আৰ্কষিত কৰিছিল। সন্ধীয়া যেতিয়া তাই অফিচৰ পৰা ওভতিছিল, মই প্ৰায়েই তাইক চাবলৈ নামি গৈছিলো আমাৰ হোষ্টেলৰ বাগিচাখনলৈ। তাইক চকুৰ পলক নেপেলোৱাকৈয়ে লক্ষ্য কৰিছিলো। হোষ্টেলৰ গেটৰ ভিতৰত তাই কালৈকো নাচাইছিল।
মোৰ দিল্লীৰ ৱৰ্কিং ৱ'মেন হোষ্টেলৰ আন এক অভিগ্যতা! প্ৰথম প্ৰথম ছোৱালীজনীক দেখি মই এক আৰ্কষন অনুভৱ কৰিছিলো। পাছলৈ মোৰ কৌতুহল হৈছিল তাইৰ বিষয়ে জানিবলৈ। আমাৰ হোষ্টেলটোত আছিল দুই শতাধিক কৰ্মৰতা মহিলা। গতিকে হোষ্টেলৰ সকলোকে চিনি পোৱাটো অসম্ভৱ আছিল। মোৰ তিনি বছৰীয়া হোষ্টেলত থকা সময়চোৱাত মই বহুতকে কেৱল চকুৰেহে চিনি পাইছিলো । নাম ধাম একোকে নাজানিছিলো।
মোৰ ৰুম আছিল প্ৰথম মহলাত। খা-খৱৰ লৈ জানিলো সোনবৰনীয়া ছোৱালীজনী নতুনকৈ আহিছে তৃতীয় মহলালৈ। মই এগৰাকী চিনাকিক সুধিলো তৃতীয় মহলাত তাইৰ কোনোবা চিনাকি আছে নেকি? তাই ক'লে "আছে এজনী" মই সুধিলো এজনী ধুনিয়া পাঞ্জাৱী সদ্যবিৱাহিতা আহিছে। তইৰ কোনোবা ৰুম মেটক জানা নেকি?" মোৰ চিনাকি বান্ধৱীয়ে খা-খৱৰ লৈ মোক তাইৰ বিষয়ে যি কাহিনী শুনালে, শুনি মই শিল পৰা কপৌজনী হৈ পৰিলো!!!
সোনবৰনীয়া ছোৱালীজনী পাঞ্জাৱৰ পৰা আহিছে। দুমাহমান আগতে তাইৰ বিয়া হৈছিল কানাডাত থকা এন আৰ আই এজনলৈ। পিছে বিয়াৰ দুসপ্তাহমান পাছত স্বামী(?) কানাডালৈ গৈ অন্তৰ্ধান হ'ল। তাইৰ পৰিয়ালৰ লোকে এম্বেচিলৈ গৈ বহুত বিচাৰ খোচাৰ কৰি আছে। এতিয়াও খৱৰ খাতি নাই পোৱা। তাই সেইয়ে দিল্লীতে চাকৰি এটাৰ যোগাৰ কৰি হোষ্টেলত থাকিবলৈ লৈছে। মাজে মাজে তাই এম্বেচিলৈ যায় কিবা খৱৰ কিজানিবা পায়েই; তাৰেই আশাত!!!
আনদিনাৰ দৰে সেইদিনাও মই তাইক চলো। চালো তাইৰ গলাৰ মঙ্গলসুত্ৰদাললৈ; তাইৰ হাতৰ ধুনীয়া ছুড়াখিনিলৈ; তাইৰ ম্লানপৰা দচকুৰ শূণ্য চাৱনীলৈ..... এক শিহৰণ জাগিল মোৰ দেহা মনত। কাৰ বাবে সোনোৱালী কন্যাৰ এই শৃংগাৰ??? তাই বাৰু সন্ধান পাবনে কেতিয়াবা নিৰুদ্দেশ হোৱা সেন্দুৰৰ????
Comments
Post a Comment