Skip to main content





ক্ষন্তেকীয়া!

চন ১৯৯৯ , শীতৰ এটা সেমেকা নিশা। মই গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ডাউন টাউন হস্পিটেলত ৰিচিপশ্চনিষ্ট হিচাবে কৰ্মৰত আছিলো। সেই সময়ত ডাউন টাউনত ৰিচিপশ্চনৰ তিনিটা ব্লক আছিল। মেইন বিল্ডং, এনেক্স ১ আৰু এনেক্স ২। এনেক্স ২ টো আছিল তাৎক্ষনিক চিকিৎসা সেৱাৰ। আমাৰ ডিউটি আছিল নিশা ৮ বজালৈ।
সেইনিশা মোৰ ডিউটি পৰিছিল মেইন বিল্ডিঙত। তাৎক্ষনিক সেৱাৰ ব্লকত নিশা কাম প্ৰায় নাথাকেই। কিবা তাৎক্ষনিক কেচ আহিলে ইনচাৰ্জে আমাৰে এজনিক পঠিয়াই দিছিল এনেক্স২ লৈ। নিশা প্ৰায় ৮ বাজো বাজো। আমিও কাউন্টাৰ বন্ধ কৰি কেশ্চিয়াৰক দিনটোৰ সবিশেষ তথ্য গটাই দিবলৈ যা-যোগাৰ কৰিছিলো । দিনটোৰ নথিপত্ৰবোৰ ফাইলত ভৰাই আছিলো মই। এনেতে ইনচাৰ্জে মোক ক'লেহি "মালবিকা, এটা ইমাৰ্জেন্সি কেচ আহিছে এনেক্স ২ত। তুমি গৈ এন্ট্ৰিটো কৰি আহা। অলপ সোনকাল কৰিবা। ৮ বাজিলেই।"
মই এনেক্স২ ত গৈ ক'ম্পিউটাৰটো অ'ন কৰিলো। বাহিৰত দেখিলো মানুহৰ হোৱা দোৱা। পেচেন্টক ইতিমধ্যে ভিতৰলৈ লৈ যোৱা হৈছিল। কেচটোনো কি মই নাজানিছিলো। মোৰ কাম আছিল পেচেন্টৰ নাম এন্ট্ৰি কৰি চিষ্টেমত আপডেট কৰাহে। মোৰ কাউন্টাৰৰ সমুখত মধ্য বয়সীয়া এগৰাকি মহিলাই কান্দি কাটি লগত অহা আন কেইগৰাকীমান  মহিলাক কৈ আছিল "হঠাৎ কি জানো হ'ল; গমেই নাপালো।" মই ধৰিব পাৰিলো যে তেখেত নিশ্চয় পেচেন্টৰ আত্মীয়। মধ্যবয়সীয়া মহিলাগৰাকিৰ কপালৰ ৰঙা সেন্দুৰৰ ফোটটোৱে যেন তেওক অধিক ধুনিয়া কৰি তুলিছে। শীৰত তালুলৈকে লোৱা সেন্দুৰে তেওঁৰ ৰূপত আৰু এখোপ চৰাইছিল।
ভিৰৰ মাজৰ পৰাই এজন লোক কাউন্টাৰলৈ আহি মোক ক'লেহি "হেৰি নহয়, এন্ট্ৰিটো কৰি দিয়ক। চিনিয়ৰ ডক্টৰজন আহিল।" মই  কলো "নামটো কওকচোন" এনেতে মোৰ ফোনটো বাজি উঠিল। মই উঠালত সিটো মূৰৰ পৰা জুনিয়ৰ ডক্টৰে মোক এন্ট্ৰি কৰিব আৰু নালাগে বুলি ক'লে। মোৰ বুজিবলৈ আৰু বাকি নাথাকিল। মই মোৰ সমুখত থিয় দি থকা লোকজনক ক'লো "আপোনালোকে আগতে এবাৰ ডক্টৰক লগ ধৰি লওকচোন। তেখেতে যদি কয় মই এন্ট্ৰি কৰি দিম।" লোকজন ভিতৰলৈ সোমাই গ'ল আৰু ক্ষন্তেক পাছত ওলাই আহিল। মোৰ সমুখত বহি কান্দি কাটি থকা মহিলাগৰাকী  পেচেন্টৰ পত্নী আছিল। মানুহজন হৃদৰোগত আক্ৰান্ত হৈছিল আৰু হস্পিটেল আহি পায় মানে শেষ নিস্বাস ত্যাগ কৰিছিল। ভীৰৰ মানুহখিনিয়ে নিজৰ মাজতে কথা পাতিবলৈ ল'লে যে মৃতকৰ পত্নীক কথাটো জনায়নো কেনেকৈ। সিফালে পত্নীয়ে বাৰে বাৰে ভিতৰলৈ যাবলৈ জিদ কৰি আছে ; তেওৰ স্বামীৰ কাষলৈ। এজনে যেনিবা মহিলাগৰাকীক আলফুলেৰে একাষলৈ লৈ গৈ মৃতক যে আৰু জীৱিত নহয় বুজালে। মানুহগৰাকী একেবাৰে মৌন হৈ পৰিল। লগত অহা মহিলাই তেওঁক জোকাৰি জোকাৰি কথা কোৱাবলৈ চেষ্টা কৰিছিল।
ইমান সময়ে মই মাথো মানুহগৰাকীৰ কপালৰ ৰঙা ফোটহে চাই আছিলো। ভাবিছিলো এই ৰক্ত ৰঙা ফোটটোৰ আৰু কোনো অস্তিত্ৱ নাই এতিয়া! এনেতে ইনচাৰ্জে ফোন কৰি মোক লৰা লৰিকৈ মেইন বিল্ডিঙলৈ মাতিলে " কি হ'ল? ইমান সময় লগাইছা? ৮বাজিল সোনকালে আহা। আমি ৰৈ আছো কাউন্টাৰ বন্ধ কৰিবলৈ।" মোৰ সম্ভীত ঘূৰি আহিল। মনৰ আবেগ অনুভূতিবোৰ মনতে সামৰি কাউন্টাৰ বন্ধ কৰি কান্দি কাটি থকা ভীৰৰ মাজেৰে বাট ওলিয়াই গধুৰ মনেৰে মই মেইন বিল্ডীঙৰ ফালে খোজ ল'লো। মোৰ দুচকুত মথো জীয়াই থাকিল মহিলাগৰাকীৰ কপালৰ ৰক্তৰঙা সেন্দুৰৰ ফোটটো!!!!


Comments

Popular posts from this blog

I have seen in some news channels of Assam that Assamese People (of all religion) have raised voice against "illegal Bangladeshi" once again. During 1979 Assam Movement I was a small kid. I couldn't understand why those people came to the road with the slogan "Foreigners Go Back". Even couldn't understand who were Foreigners, couldn't understand why Indian Police and CRPF killed lots of Assamese Youths. Why my father had to go to jail agian and again. With an innocent thought I just imagined that those Khaki Dressed up men were not too good for us. But when I was able to understand these questions, there was a Government of Popular Regional Political Party in my state. But still there was a big question about those valuable young lives  whom we had lost in Assam Movement! Was it neccessary to lose those lives? Why the Popular Govt of Assam couldn't give value of those lives? People of Assam realised that their popular leaders were totally faile...
নিৰুদ্দেশ সেন্দুৰ! সোনোৱালী দীঘল একোচা চুলি। গাৰ ৰং সেন্দুৰ বৰনীয়া। দুহাতত নৱবিৱাহিতাৰ চিহ্ন ছুড়া(পাঞ্জাৱী সম্প্ৰদায়ৰ ৱিবাহ প্ৰতীক)। কিন্তু ম্লান পৰি যোৱা দুচকুত শূণ্য চাৱনি। ছোৱালীজনীৰ নাম নাজানিচিলো। কিন্তু তাইৰ ৰূপে মোক আৰ্কষিত কৰিছিল। সন্ধীয়া যেতিয়া তাই  অফিচৰ পৰা ওভতিছিল, মই প্ৰায়েই তাইক চাবলৈ নামি গৈছিলো আমাৰ হোষ্টেলৰ বাগিচাখনলৈ। তাইক চকুৰ পলক নেপেলোৱাকৈয়ে লক্ষ্য কৰিছিলো। হোষ্টেলৰ গেটৰ ভিতৰত তাই কালৈকো নাচাইছিল। মোৰ দিল্লীৰ ৱৰ্কিং ৱ'মেন হোষ্টেলৰ আন এক অভিগ্যতা! প্ৰথম প্ৰথম ছোৱালীজনীক দেখি মই এক আৰ্কষন অনুভৱ কৰিছিলো। পাছলৈ মোৰ কৌতুহল হৈছিল তাইৰ বিষয়ে জানিবলৈ। আমাৰ হোষ্টেলটোত আছিল দুই শতাধিক কৰ্মৰতা মহিলা। গতিকে হোষ্টেলৰ সকলোকে চিনি পোৱাটো অসম্ভৱ আছিল। মোৰ তিনি বছৰীয়া হোষ্টেলত থকা সময়চোৱাত মই বহুতকে কেৱল চকুৰেহে চিনি পাইছিলো । নাম ধাম একোকে নাজানিছিলো। মোৰ ৰুম আছিল প্ৰথম মহলাত। খা-খৱৰ লৈ জানিলো সোনবৰনীয়া ছোৱালীজনী নতুনকৈ আহিছে তৃতীয় মহলালৈ। মই এগৰাকী চিনাকিক সুধিলো তৃতীয় মহলাত তাইৰ কোনোবা চিনাকি আছে নেকি? তাই ক'লে "আছে এজনী" মই সুধিলো এজনী ধুনিয়া পাঞ্জা...