Skip to main content





ক্ষন্তেকীয়া!

চন ১৯৯৯ , শীতৰ এটা সেমেকা নিশা। মই গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ডাউন টাউন হস্পিটেলত ৰিচিপশ্চনিষ্ট হিচাবে কৰ্মৰত আছিলো। সেই সময়ত ডাউন টাউনত ৰিচিপশ্চনৰ তিনিটা ব্লক আছিল। মেইন বিল্ডং, এনেক্স ১ আৰু এনেক্স ২। এনেক্স ২ টো আছিল তাৎক্ষনিক চিকিৎসা সেৱাৰ। আমাৰ ডিউটি আছিল নিশা ৮ বজালৈ।
সেইনিশা মোৰ ডিউটি পৰিছিল মেইন বিল্ডিঙত। তাৎক্ষনিক সেৱাৰ ব্লকত নিশা কাম প্ৰায় নাথাকেই। কিবা তাৎক্ষনিক কেচ আহিলে ইনচাৰ্জে আমাৰে এজনিক পঠিয়াই দিছিল এনেক্স২ লৈ। নিশা প্ৰায় ৮ বাজো বাজো। আমিও কাউন্টাৰ বন্ধ কৰি কেশ্চিয়াৰক দিনটোৰ সবিশেষ তথ্য গটাই দিবলৈ যা-যোগাৰ কৰিছিলো । দিনটোৰ নথিপত্ৰবোৰ ফাইলত ভৰাই আছিলো মই। এনেতে ইনচাৰ্জে মোক ক'লেহি "মালবিকা, এটা ইমাৰ্জেন্সি কেচ আহিছে এনেক্স ২ত। তুমি গৈ এন্ট্ৰিটো কৰি আহা। অলপ সোনকাল কৰিবা। ৮ বাজিলেই।"
মই এনেক্স২ ত গৈ ক'ম্পিউটাৰটো অ'ন কৰিলো। বাহিৰত দেখিলো মানুহৰ হোৱা দোৱা। পেচেন্টক ইতিমধ্যে ভিতৰলৈ লৈ যোৱা হৈছিল। কেচটোনো কি মই নাজানিছিলো। মোৰ কাম আছিল পেচেন্টৰ নাম এন্ট্ৰি কৰি চিষ্টেমত আপডেট কৰাহে। মোৰ কাউন্টাৰৰ সমুখত মধ্য বয়সীয়া এগৰাকি মহিলাই কান্দি কাটি লগত অহা আন কেইগৰাকীমান  মহিলাক কৈ আছিল "হঠাৎ কি জানো হ'ল; গমেই নাপালো।" মই ধৰিব পাৰিলো যে তেখেত নিশ্চয় পেচেন্টৰ আত্মীয়। মধ্যবয়সীয়া মহিলাগৰাকিৰ কপালৰ ৰঙা সেন্দুৰৰ ফোটটোৱে যেন তেওক অধিক ধুনিয়া কৰি তুলিছে। শীৰত তালুলৈকে লোৱা সেন্দুৰে তেওঁৰ ৰূপত আৰু এখোপ চৰাইছিল।
ভিৰৰ মাজৰ পৰাই এজন লোক কাউন্টাৰলৈ আহি মোক ক'লেহি "হেৰি নহয়, এন্ট্ৰিটো কৰি দিয়ক। চিনিয়ৰ ডক্টৰজন আহিল।" মই  কলো "নামটো কওকচোন" এনেতে মোৰ ফোনটো বাজি উঠিল। মই উঠালত সিটো মূৰৰ পৰা জুনিয়ৰ ডক্টৰে মোক এন্ট্ৰি কৰিব আৰু নালাগে বুলি ক'লে। মোৰ বুজিবলৈ আৰু বাকি নাথাকিল। মই মোৰ সমুখত থিয় দি থকা লোকজনক ক'লো "আপোনালোকে আগতে এবাৰ ডক্টৰক লগ ধৰি লওকচোন। তেখেতে যদি কয় মই এন্ট্ৰি কৰি দিম।" লোকজন ভিতৰলৈ সোমাই গ'ল আৰু ক্ষন্তেক পাছত ওলাই আহিল। মোৰ সমুখত বহি কান্দি কাটি থকা মহিলাগৰাকী  পেচেন্টৰ পত্নী আছিল। মানুহজন হৃদৰোগত আক্ৰান্ত হৈছিল আৰু হস্পিটেল আহি পায় মানে শেষ নিস্বাস ত্যাগ কৰিছিল। ভীৰৰ মানুহখিনিয়ে নিজৰ মাজতে কথা পাতিবলৈ ল'লে যে মৃতকৰ পত্নীক কথাটো জনায়নো কেনেকৈ। সিফালে পত্নীয়ে বাৰে বাৰে ভিতৰলৈ যাবলৈ জিদ কৰি আছে ; তেওৰ স্বামীৰ কাষলৈ। এজনে যেনিবা মহিলাগৰাকীক আলফুলেৰে একাষলৈ লৈ গৈ মৃতক যে আৰু জীৱিত নহয় বুজালে। মানুহগৰাকী একেবাৰে মৌন হৈ পৰিল। লগত অহা মহিলাই তেওঁক জোকাৰি জোকাৰি কথা কোৱাবলৈ চেষ্টা কৰিছিল।
ইমান সময়ে মই মাথো মানুহগৰাকীৰ কপালৰ ৰঙা ফোটহে চাই আছিলো। ভাবিছিলো এই ৰক্ত ৰঙা ফোটটোৰ আৰু কোনো অস্তিত্ৱ নাই এতিয়া! এনেতে ইনচাৰ্জে ফোন কৰি মোক লৰা লৰিকৈ মেইন বিল্ডিঙলৈ মাতিলে " কি হ'ল? ইমান সময় লগাইছা? ৮বাজিল সোনকালে আহা। আমি ৰৈ আছো কাউন্টাৰ বন্ধ কৰিবলৈ।" মোৰ সম্ভীত ঘূৰি আহিল। মনৰ আবেগ অনুভূতিবোৰ মনতে সামৰি কাউন্টাৰ বন্ধ কৰি কান্দি কাটি থকা ভীৰৰ মাজেৰে বাট ওলিয়াই গধুৰ মনেৰে মই মেইন বিল্ডীঙৰ ফালে খোজ ল'লো। মোৰ দুচকুত মথো জীয়াই থাকিল মহিলাগৰাকীৰ কপালৰ ৰক্তৰঙা সেন্দুৰৰ ফোটটো!!!!


Comments

Popular posts from this blog

STOP VIOLENCE AGAINST WOMEN!

Stop!!! Violence against women is a worldwide problem that affects women of all ages, ethnicities, races, nationalities and socio-economic backgrounds. Some forms of violence are gender-based and impact women more disproportionately, such as domestic violence, sexual assault, sexual harassment, human trafficking, child abusement and acid attack. Beside these, Indian society is facing two more major violences against women Girl child foeticide and dowry demands.  It is very shameful to say that this society is not safe for females even in this 21st century. Somewhere, little young girls are molested by some sick minded people; somewhere 80 years old lady has to be treated very badly; somewhere if a girl wants to protest against eve teasing she has to be a victim of acid attack. It is seen that some people being upset on the birth of a girl child in thei5r family and the same people look for little young girls to worship on the days of NAVRATRAs. Girl child foeticide, ...

Mekurikai - an unsung hero!

Teok , a small town in Jorhat District of Assam. Around 30 years back, it was in process to be a township. It is my parents' home place, where I was born. As my parental villages were in Teok, we usually visited this place on every vacation. Growing up in a concrete city, I found this place peaceful and naturally rich. We travelled by bus to visit my birthplace. The Teok State Transport bus stand was very small that time. State Transport buses stopped here for few minutes only. Here I saw Mekurikai for the first time. I can still visualise his picture in my mind! Mekurikai , the unsung artist! He used to wore a half pant and a shirt, hanging wooden box around his neck. He sang TOKARIGEET  (type of sufi song in Assamese Folk) and collected money from his listeners. Every morning he used to come to Teok State Transport Bus Stand. Whole day he got into the buses while they stopped, sang his TOKARIGEET  in his mild and beautiful voice with feelings, collected ...
নিৰুদ্দেশ সেন্দুৰ! সোনোৱালী দীঘল একোচা চুলি। গাৰ ৰং সেন্দুৰ বৰনীয়া। দুহাতত নৱবিৱাহিতাৰ চিহ্ন ছুড়া(পাঞ্জাৱী সম্প্ৰদায়ৰ ৱিবাহ প্ৰতীক)। কিন্তু ম্লান পৰি যোৱা দুচকুত শূণ্য চাৱনি। ছোৱালীজনীৰ নাম নাজানিচিলো। কিন্তু তাইৰ ৰূপে মোক আৰ্কষিত কৰিছিল। সন্ধীয়া যেতিয়া তাই  অফিচৰ পৰা ওভতিছিল, মই প্ৰায়েই তাইক চাবলৈ নামি গৈছিলো আমাৰ হোষ্টেলৰ বাগিচাখনলৈ। তাইক চকুৰ পলক নেপেলোৱাকৈয়ে লক্ষ্য কৰিছিলো। হোষ্টেলৰ গেটৰ ভিতৰত তাই কালৈকো নাচাইছিল। মোৰ দিল্লীৰ ৱৰ্কিং ৱ'মেন হোষ্টেলৰ আন এক অভিগ্যতা! প্ৰথম প্ৰথম ছোৱালীজনীক দেখি মই এক আৰ্কষন অনুভৱ কৰিছিলো। পাছলৈ মোৰ কৌতুহল হৈছিল তাইৰ বিষয়ে জানিবলৈ। আমাৰ হোষ্টেলটোত আছিল দুই শতাধিক কৰ্মৰতা মহিলা। গতিকে হোষ্টেলৰ সকলোকে চিনি পোৱাটো অসম্ভৱ আছিল। মোৰ তিনি বছৰীয়া হোষ্টেলত থকা সময়চোৱাত মই বহুতকে কেৱল চকুৰেহে চিনি পাইছিলো । নাম ধাম একোকে নাজানিছিলো। মোৰ ৰুম আছিল প্ৰথম মহলাত। খা-খৱৰ লৈ জানিলো সোনবৰনীয়া ছোৱালীজনী নতুনকৈ আহিছে তৃতীয় মহলালৈ। মই এগৰাকী চিনাকিক সুধিলো তৃতীয় মহলাত তাইৰ কোনোবা চিনাকি আছে নেকি? তাই ক'লে "আছে এজনী" মই সুধিলো এজনী ধুনিয়া পাঞ্জা...